অসম

assam

ETV Bharat / videos

মাজুলীত খহনীয়া ৰোধৰ দাবীত AJYCP ৰ মানৱ শৃংখল - মাজুলীত খহনীয়া ৰোধৰ দাবীত AJYCP ৰ মানৱ শৃংখল

By

Published : Jan 6, 2022, 2:03 PM IST

বুধবাৰে মাজুলীৰ শালমৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৱ মাজুলী আঞ্চলিক সমিতিৰ উদ্যোগত তথা জিলা সমিতিৰ লগতে বৃহত্তৰ শালমৰাবাসীৰ সহযোগত ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest in Majuli against Brahmaputra Board) ৷ মাজুলীৰ স্থায়ী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে মাজুলীৰ মূল ভূমিখণ্ড নদীৰ বুকুত বিলীন হৈ যোৱাৰ অভিযোগত এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ খৰালি মাহতো মাজুলীৰ শালমৰা কামজান এলঙিত যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে ৷ পিছে এতিয়ালৈকে এইক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ চকুমুদা কুলিৰ ভাওৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ অসম চৰকাৰ তথা ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীৰ ভেকো-ভাওনাৰ বাবে বুধবাৰে বিভিন্ন দল-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জানিব পৰা মতে, মাজুলীৰ খহনীয়া ৰোধ কৰিবলৈ যি 238 কোটি টকীয়া স্থায়ী সুৰক্ষা আঁচনি হাতত লোৱা হৈছিল, সেই আঁচনি প্ৰহসনত পৰিণত হোৱা দেখা গৈছে ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীয়ে বছৰৰ পিছত বছৰ ধৰি মাজুলীৰ সুৰক্ষাৰ নামত কাম কৰি আছে যদিও আজিপৰ্যন্ত এই প্ৰতিষ্ঠান দুটাই জিলাখনৰ খহনীয়াগ্ৰস্ত অঞ্চলৰ এটুকুৰা ভূমিও ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details