স্বাধীনতা দিৱসৰ পূৰ্বে টিংখাঙত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা - ডিব্ৰুগড় আৰু চৰাইদেউ
স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইদিনমান বাকী । বিগত বৰ্ষৰ দৰেই ক'ভিড প্ৰট'কল মানি স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে চৰকাৰ । এই সময়চোৱাত যাতে উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ জিলাই জিলাই কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে । নিয়ামীয়া তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ডিব্ৰুগড় জিলাতো সষ্টম হৈ পৰিছে প্ৰশাসন । জিলাখনৰ টিংখাং আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন স্থানত দিনে-নিশাই অব্যাহত ৰাখিছে অভিযান । তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া বাহন । প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে । ১৫ আগষ্টৰ দিনটো যাতে ৰাজ্যবাসীয়ে সুন্দৰকৈ পালন কৰিব পাৰে আৰু ৰাজ্যত যাতে শান্তিপূৰ্ণ পৰিৱেশ অব্যাহত থাকে তাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা কৰিছে ।