অসম

assam

By

Published : Jul 20, 2021, 5:49 PM IST

ETV Bharat / videos

ওলোটাকৈ ছবি অংকনেৰে ৰেকৰ্ড গঢ়িলে বজালীৰ যুৱকে

অসম বুক অৱ ৰেকৰ্ডছত (ASSAM BOOK OF RECORDS) নাম অন্তৰ্ভূক্ত হ'ল বজালীৰ (BAJALI) চিত্ৰশিল্পী প্ৰণৱ তহবিলদাৰৰ ৷ আপ্ৰাণ চেষ্টা, অধ্যৱসায়ৰ ফলত শিল্পকৰ্মৰ জৰিয়তে গৌৰৱ আঁজুৰি আনিলে যুৱকজনে ৷ বজালী জিলাৰ পাণবাৰীৰ যুৱক প্ৰণৱ তহবিলদাৰ পেচাত এগৰাকী ব্যক্তিগত খণ্ডৰ ছবি শিক্ষক ৷ উল্লেখযোগ্য যে, আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালৰ প্ৰণৱে সৰুৰে পৰা নিৰৱছিন্নভাৱে চিত্ৰকলাৰ সৈতে জড়িত হৈ আহিছে । জুবিন গাৰ্গ, তৰুণ গগৈ, হোমেন বৰগোহাঞি, বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে পিতৃ-মাতৃ আৰু বিভিন্ন ধৰণৰ চিত্ৰ অংকনৰ লগতে ওলোটাকৈ ছবি অংকন কৰি বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

ABOUT THE AUTHOR

...view details