চাকৰিৰৰ নামত চলিছে দৰ দাম; ভিডিঅ’ ভাইৰেল
এটি ভাইৰেল ভিডিঅ’ ৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি থকাৰ মাজতে এটা ভিডিঅ’ই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ গৃহ সমষ্টিত চাকৰিৰ নামত চলিছে দৰ-দাম ৷ যি ভাইৰেল ভিডিঅ’ক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জানিব পৰা মতে, ভাইৰেল ভিডিঅ’টোত চাকৰিৰ দৰ-দাম কৰি থকা ব্যক্তিগৰাকী হৈছে দীপক ফাৰ্চ (Dipak Farsh) ৷ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়চোৱাত ব্যক্তিগত সহায়ক (PA) হিচাপে আছিল এইগৰাকী লোক । কিন্তু এতিয়া ব্যক্তিগত সহায়কৰ (PA) পদ নথকাৰ পিছতো সেই সুযোগতে জলসিঞ্চন বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিদ্যুৎ বিভাগৰ চাকৰিৰ বাবে দৰ দাম চলা পৰিলক্ষিত হৈছে । লগতে ভিডিঅ’টোত নাম লোৱা হৈছে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নাম । ৰাজ্যত মাটিৰ দালালৰাজ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে তাৰ পিছতে এইবাৰ চাকৰিৰৰ দৰ-দাম চলাৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷