গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে কুঁজীডাহ যুৰীয়া নামঘৰত ভাওনা প্ৰদৰ্শন
নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুঁজীডাহ যুৰীয়া নামঘৰতো উলহ-মলহে উদযাপন কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্মোৎসৱ ৷ ১৮৯৭ চনতে স্থাপিত কুঁজীডাহ যুৰীয়া নামঘৰত ১২৪ বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপিত হৈ আহিছে । গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে নিশা মঞ্চস্থ হয় 'ৰাৱন বধ' ভাওনা ৷