অসম

assam

ETV Bharat / videos

এফালে গো সংৰক্ষণ আইন বিতৰ্ক আনফালে কৰিগঞ্জ সীমান্তত জব্দ অবৈধ সৰু

By

Published : Jul 19, 2021, 12:27 PM IST

বিধানসভাৰ মজিয়াত ইতিমধ্যে উত্থাপিত হৈছে বহু বিতৰ্কিত গো সংৰক্ষণ আইন ৷ এই আইনে অসমৰ মাজেৰে গৰুৰ চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে ৰাজ্য চৰকাৰে ৷ এই আইনখনক লৈ গৰম হৈ আছে ৰাজ্যৰ বতাহ ৷ ইয়াৰ মাজতে কৰিমগঞ্জৰ সীমান্ত এলেকাত পুনৰ জব্দ হয় অবৈধভাৱে বিক্ৰীৰ বাবে অনা ১৬ টাকৈ গৰু। দেওবাৰে বিয়লি ভাগত জব্দ কৰা হয় গৰু কেইটা । কৰিমগঞ্জৰ ফকিৰাবজাৰ এলেকাত সীমান্ত সুৰক্ষা বাহিনীৰ 7 নং ৰেজিমেন্টৰ অভিযানত জব্দকৃত গৰু কেইটাৰ বজাৰ মূল্য অনুমানিক ৬.৫০ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । ইতিমধ্যে জব্দকৃত গৰু কেইটা কৰিমগঞ্জৰ আৰক্ষীক চমজাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে । ইয়াৰ উপৰিও ভাৰত বাংলাদেশ সীমান্তৰ ২০ কিলোমিটাৰ নিলগত গৰুৰ বজাৰ অবৈধ বুলি দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু এই নিৰ্দেশ থকাৰ পিছতো ফকিৰাবজাৰ এলেকাৰ অসাধু গৰু সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ চোৰাং সৰবৰাহ ।

ABOUT THE AUTHOR

...view details