অসম

assam

ETV Bharat / videos

ডিব্ৰুগড়ত দিয়া হ’ব দৈনিক 15 হাজাৰ প্ৰতিষেধক : মুখ্যমন্ত্ৰী - dibrugarh flood situation

By

Published : Jun 20, 2021, 8:07 PM IST

দুলীয়াজানৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ ক’ভিড পৰিস্থিতি, বান-গৰাখহনীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে । শেহতীয়াকৈ জিলাখনত কিছু পৰিমাণে ক‘ভিড আক্ৰান্ত হ্ৰাস হোৱা বুলি মন্তব্য কৰে ৷ 21 জুনৰ পৰা অসমত প্ৰত্যেকদিনে ৩ লাখ প্ৰতিষেধক প্ৰদানৰ বাবে অসম চৰকাৰ সাজু বুলি উল্লেখ কৰাৰ লগতে ডিব্ৰুগড় জিলাতো প্ৰতিদিনে ১৫ হেজাৰকৈ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন সম্পূৰ্ণ সাজু বুলিও কয় । বানত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিবলৈ জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী অতুল বৰাই পৰিস্থিতিৰ বুজ লোৱাৰ বাবে পৰৱৰ্তী তিনি দিন ডিব্ৰুগড়ত থাকিব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

ABOUT THE AUTHOR

...view details