Dead body rescued: নলবাৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - Dead body rescued
নলবাৰী, 7 মাৰ্চ :নলবাৰীৰ ধমধমাত সোমবাৰে ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । জিলাখনৰ ধমধমা থানাৰ অন্তৰ্গত চেংনৈত স্থানীয় লোকে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ । তাৰ পিছতে সমগ্ৰ ধমধমাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে (Youth found dead under mysterious condition in Nalbari ) ।
উদ্ধাৰ হোৱা যুৱকজন ধমধমাৰ চাদেৰ আলীৰ পুত্ৰ চাজাহান আলী ওৰফে জিণ্টু বুলি চিনাক্ত কৰা হৈছে ৷ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ধমধমা আৰক্ষী । মৃত চাজাহানক মফিজ আলী নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰি এনেদৰে পেলাই থৈ যোৱা বুলি উঠিছে অভিযোগ ৷ ইফালে মৃতদেহটো উদ্ধাৰৰ পিছতে মফিজ আলী নামৰ লোকজনে ধমধমা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে (Dhamdhama out post)।
যদিহে মফিজ আলীয়ে চাজাহান আলীক হত্যা কৰাটো সঁচা তেন্তে কি কাৰণত মফিজে চাজাহনক হত্যা কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই (Dead body rescued in Nalbari)।