অসম

assam

নিচামুক্তি কেন্দ্ৰৰ ছাদৰ ওপৰৰ পৰা পৰি মৃত্যু যুৱকৰ

ETV Bharat / videos

Youth dies in rehab centre : নিচামুক্তি কেন্দ্ৰৰ ছাদৰ ওপৰৰ পৰা পৰি মৃত্যু যুৱকৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:44 PM IST

গুৱাহাটী, 12 ছেপ্টেম্বৰ: গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ আন এক অঘটন। পাঞ্জাবাৰীৰ বাঘবৰিস্থিত উইলিং ৱে’ ৱেলনেছ ছচাইটি নামৰ নিচামুক্তি কেন্দ্ৰটোত সংঘটিত হৈছে এই অঘটন। ছাদৰ ওপৰৰ পৰা পৰি মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজন পাঞ্জাবাৰীৰ বতাহঘুলিৰ ভাস্কৰ মুছাহাৰী(25) বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে মৃত যুৱকজনে উইলিং ৱে' ৱেলনেছ ছচাইটি নামৰ নিচামুক্তি কেন্দ্ৰটোত যোৱা আঠ মাহ ধৰি কেয়াৰ টেকাৰ হিচাপে কৰ্মৰত আছিল। সোমবাৰে পুৱা প্ৰায় 7 বজাত কেন্দ্ৰটোৰ ছাদৰ উপৰত থকা পানীৰ পাইপৰ ভালভ দিবলৈ যাওঁতেই হঠাৎ পিচলি পৰে যুৱকজন। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ লগে লগে যুৱৱকজনক GNRC হাস্পতালতলৈ প্ৰেৰণ কৰে যদিও মঙলবাৰে পুৱতি নিশা যুৱকজন মৃত বুলি ঘোষণা কৰে চিকিৎসকে। 

অৱশ্যে ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰা থানাত কোনো এজাহাৰ দাখিল কৰা হোৱা নাই ৷

লগতে পঢ়ক:Dibrugarh murder case : হত্যাৰ পূৰ্বে যুৱতীৰ সৈতে ধাবাত সুৰাপান কৰিছিল আজিজে; পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য

ABOUT THE AUTHOR

...view details