অসম

assam

Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

By

Published : Feb 2, 2023, 3:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

টীয়কৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰা দৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

টীয়ক, ২ ফেব্ৰুৱাৰী : বাৰিষা বানে বিধ্বস্ত কৰা টীয়কৰ জাঁজীমুখত এতিয়া খৰালি নাই বানৰ তাণ্ডৱ । মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু এতিয়া পানীৰে উপচি পৰাৰ পৰিবৰ্তে শুকান বালিৰ দলিচাত পৰিণত হৈছে আৰু এই মৰুভূমিসদৃশ শুকান বালিৰচৰত একাংশ পাহুৱাল ডেকা নিতৌ বিয়লি ব্যস্ত হৈছে ঘোঁৰাদৌৰৰ অনুশীলনত । উল্লেখযোগ্য যে ঐতিহাসিক যোৰহাটৰ জিমখানা ক্লাৱত ফ্ৰেব্ৰুৱাৰী মাহৰ দ্বিতীয় পষেকৰ পৰা অনুষ্ঠিত হ'ব ঘোঁৰাদৌৰ প্ৰতিযোগিতা(Teok horse riding) । 

শতবৰ্ষ গৰকা এই প্ৰতিযোগিতা বিগত তিনিবছৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ প্ৰতিয়োগিতাখন পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে উদ্যোক্তাসকলে ৷ বৃটিছৰ শাসনকালৰ পৰা চলি অহা গভনৰ্ছ কাপ শীৰ্ষক এই ঘোঁৰাদৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে অনান্যসকলৰ লগতে উৎফুল্লিত হৈ পৰিছে টীয়কৰ জাঁজীমুখৰ এই তৰুণ খেলুৱৈসকল(Horse riding practice at Teok) ৷ যাৰ বাবে এতিয়া তেওঁলোক ব্যস্ত হৈ পৰিছে অনুশীলনত ।

12 বাৰকৈ গভনৰ্ছ কাপ দখল কৰিবলৈ সক্ষম হোৱা হৰেণ টাইৰ নেতৃত্বত টীয়কৰ জাঁজীমুখৰ তৰুণ খেলুৱৈসকল আৰম্ভ কৰিছে এই ঘোঁৰাদৌৰৰ অনুশীলন(Youth Busy in horse riding practice at Teok) । বানাক্ৰান্ত এইসকল লোকে কোনোমতে পেটে-ভাতে খাই জীয়াই থকাৰ সমান্তৰালকৈ ঘোঁৰাদৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো তেওঁলোকৰ অন্যতম চখ । এইসময়ত নাই কোনো চিন্তা ভাৱনা, দিনে নিশাই মাঁথো ব্যস্ত অনুশীলনত ।

কালৰ গৰাহত প্ৰায় নাইকীয়া হৈ যোৱা এই ঘোঁৰাদৌৰ প্ৰতিযোগিতা এইসকল লোকৰ বাবে আশাৰ কিৰণ । পূৰ্বপুৰুষৰ বহু স্মৃতি জড়িত এই প্ৰতিযোগিতাখনত ভাগ লোৱাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় । সেয়ে উঠি অহা প্ৰজন্মকো এইদৰে গাঁঠিৰ ধন ভাঙি কোনো বিশেষ সা-সুবিধা নোহোৱাকৈয়ে প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে বিজ্ঞসকল । বিগত বছৰৰ দৰে এইবাৰো গভনৰ্ছ কাপৰ খিতাপ অৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে হৰেণ টাইয়ে ।

লগতে পঢ়ক:Adani Enterprises calls off FPO : আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে এফপিঅ', বিনিয়োগকাৰীৰ ঘূৰাই দিব ধন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details