অসম

assam

ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By

Published : Jul 19, 2023, 10:54 PM IST

ETV Bharat / videos

Yaba tablets seized:বদৰপুৰ-উমাৰপুৰত ৮০ মিলিয়ন টকাৰ য়াবা টেবলেট জব্দ, ৩ টা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 19 জুলাই : বদৰপুৰ আৰক্ষীয়ে নিশা পলমকৈ অভিযান চলাই ট্ৰাকৰ পৰা য়াবা টেবলেট জব্দ কৰে ৷ এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তিনিটা চোৰাং ব্যৱসায়ীক য়াবা টেবলেটৰ সৈতে গ্ৰেপ্তাৰ কৰে ।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বদৰপুৰ আৰক্ষীয়ে উমাৰপুৰ পেট্ৰ’ল পাম্পৰ কাষৰীয়া অঞ্চলৰ পৰা মিজোৰামৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই আৰু বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে ।

গ্ৰেপ্তাৰ হোৱা চোৰাং ব্যৱসায়ীকেইটা হাছান আলী, খাছৰুল ইছলাম আৰু ৰঞ্জুল হোছেইন বুলি চিনাক্ত কৰা হৈছে । সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা তিনিওটা ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে । বদৰপুৰ আৰক্ষীয়ে নিশা উমাৰপুৰ অঞ্চলত ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিষয়ে এক খবৰ লাভ কৰে । আৰক্ষীয়ে ট্ৰাকখন এক বিশেষ কায়দাৰে ঘেৰি ধৰিছিল । আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদ্ধাৰ হোৱা য়াবা টেবলেটসমূহৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব ।

লগতে পঢ়ক :Drug Peddler Arrested: 11 লাখ টকা সহ ম্যানমাৰৰ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details