অসম

assam

ৰোৱনীক ভাত দিবলৈ গৈ বজ্ৰ পৰি মহিলাৰ মৃত্যু

By

Published : Jul 23, 2023, 9:03 PM IST

ETV Bharat / videos

Lightning strikes: ৰোৱনীক ভাত দিবলৈ গৈ বজ্ৰ পৰি মহিলাৰ মৃত্যু

মৰিগাঁও, 23 জুলাই : মৰিগাঁও জিলাৰ দমালৰ বেতনীত অঘটন ৷ দেওবাৰে  পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি ৰুমি মেধি (47) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷ মৃত ৰুমি মেধি অৰূপ ডেকাৰ পত্নী ৷ মহিলাগৰাকীয়ে ৰোৱনীক ভাত দিবলৈ গৈ বৰষুণ অহাৰ বাবে পথাৰত থকা গছ এডালৰ তলত আশ্ৰয় লৈ থকাৰ সময়তে বজ্ৰপাত পৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু মুখত পৰে ৷ 

ইয়াৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ আৰু ধৰমতুল আৰক্ষী ৷  আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মহিলগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷  

এই ঘটনাত শোক প্ৰকাশ কৰিছে তিৱা স্বায়ত্ব শাসিত পৰিষদ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ চহা, ৰোৱনী-দাৱনীৰ মাজত সৃষ্টি কৰিছে আতংকৰ ৷ ব্ৰজপাতৰ ফলত থিতাতে মৃত্যু হোৱা মহিলাগৰাকীয়ে দুটি সন্তানক এৰি থৈ গৈছে ৷ মহিলাগৰাকীৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত ৷ 

লগতে পঢ়ক:Wild elephant death: ৰঙাপৰাত জংঘলৰ পিতনিত মৃত বনৰীয়া হাতী উদ্ধাৰ

ABOUT THE AUTHOR

...view details