অসম

assam

ETV Bharat / videos

Man Elephant Conflict: সোণাৰিত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে ৪ টাকৈ পৰিয়ালৰ বাসগৃহ - বন্যহস্তীৰ তাণ্ডৱ

By

Published : Nov 30, 2022, 12:15 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

চৰাইদেউ জিলাৰ সোণাৰিত নিশা বন্যহস্তীৰ তাণ্ডৱ । বন্যহস্তী জাকে লণ্ডভণ্ড কৰিলে ৪ টাকৈ পৰিয়ালৰ বাসগৃহ (Wild elephants destroyed houses)। সোণাৰিৰ বানফেৰা ৭ নং বস্তিৰ ৪ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে মঙলবাৰে নিশা প্ৰায় ২ মান বজাত বানফেৰা ৭ নং বস্তিৰ ৪ টাকৈ পৰিয়াল ক্ৰমে উমা মুণ্ডা, বিনেন মুণ্ডা, কাৰ্তিক মুণ্ডা আৰু মদন মুণ্ডা নামৰ পৰিয়ালৰ বাসগৃহসমূহ ভাঙি লণ্ডভণ্ড কৰি ব্যাপক ক্ষতি সাধন কৰে । নিশা বন বিভাগৰ লোক উপস্থিত হয় যদিও বন্যহস্তীৰ বৃহৎ জাকটোক খেদিবলৈ সক্ষম নহ’ল । বন বিভাগে হাতী খেদিবৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই গাঁওখনত হাতীয়ে মানুহৰ ঘৰ বাৰী অনিষ্ট কৰাৰ অভিযোগ স্থানীয় লোকৰ ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details