Wild elephant died: পুনৰ ৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু বনৰীয়া হাতীৰ - প্ৰাপ্ত বয়স্ক বনৰীয়া হাতীৰ মৃত্যু
Published : Oct 16, 2023, 1:51 PM IST
দুধনৈ, ১৬ অক্টোবৰ :আকৌ বনৰীয়া হাতীৰ মৃত্যু ৷ গোৱালপাৰা জিলাত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে নিশাৰ ভাগত ৰংজুলি বন বিভাগৰ অন্তৰ্গত দৰংগিৰিৰ চেঁচাপানী ৰংৰঙাপাৰাত এজনী প্ৰকাণ্ড প্ৰাপ্ত বয়স্ক বনৰীয়া হাতীৰ মৃত্যু হয় ৷ সোমবাৰৰ ৰাতিপুৱাই অঞ্চলটোৰ ৰাইজে বনৰীয়া হাতীজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷
বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ হাতীজনীৰ কেনেদৰে মৃত্যু হ’ল সেই সম্পৰ্কত বৰ্তমানলৈকে একো জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগৰ লোকে ৷ অৱশ্যে বন্যহস্তীজনীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷ উল্লেখ্য যে, উক্ত অঞ্চলটোত দীৰ্ঘদিনৰে পৰা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই ধাননি পথাৰৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷
লগতে পঢ়ক :Pregnant elephant dies:বাক্সা জিলাৰ নিকাচিত বিদ্যুৎস্পৃষ্ট হৈ গাভিনী হাতীৰ মৃত্যু