Illegal cattle transportation: মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰাকীবিহীন ১২ চকীয়া ট্ৰাকত উদ্ধাৰ ৩০ টা গৰু - ট্ৰাকত উদ্ধাৰ ৩০ টা গৰু
Published : Nov 8, 2023, 2:33 PM IST
ডিব্ৰুগড়, 8 নৱেম্বৰ:মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে এখন ১২ চকীয়া গৰাকীবিহীন ট্ৰাকত ৩০ টা গৰু উদ্ধাৰ কৰা হয় ৷ চেপন মহাবিদ্যালয়ৰ সন্মুখত ৰৈ থকা অৱস্থাত NL 01 AE 9159 নম্বৰৰ ১২ চকীয়া ট্ৰাকখন উক্ত স্থানত বহু সময় ৰৈ থকাৰ খবৰ পোৱাৰ পিচতে স্থানীয় লোকে সন্দেহবশত মৰাণ আৰক্ষী অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত মৰাণ আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত চলায় ।
শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত চাবি লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে ট্ৰাকখন । আৰক্ষী ট্ৰাকখনৰ পৰা ত্ৰিৰ্পালেৰে ঢাকি থোৱা অৱস্থাত ৩০ টাকৈ গৰু পোৱা গৈছে ট্ৰাকখনত । অৱশ্যে চালক তথা ট্ৰাকখনৰ অন্য কোনো লোকক উক্তস্থানত দেখা পাবলৈ সক্ষম নহ’ল আৰক্ষী তথা স্থানীয় লোক ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও গৰুৰ চোৰাং-সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ৰাজ্যৰ অন্য প্ৰান্তৰৰ দৰে ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথত প্ৰতিদিনে জব্দ হৈছে বৃহৎ সংখ্যক গৰু । সম্প্ৰতি আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:Cattle smuggling: বিহালীত উৎখাত গৰু চোৰ চক্ৰ, 32 টা গৰু উদ্ধাৰ