Artificial flood at Khowang: কৃত্ৰিম বানৰ কবলত খোৱাঙৰ বিভিন্ন প্ৰান্ত - কৃত্ৰিম বানৰ কবলত খোৱাঙৰ বিভিন্ন প্ৰান্ত
ডিব্ৰুগড়, ১০ আগষ্ট:কৃত্ৰিম বানে জুৰুলা কৰিছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ৰাইজক । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানৰ কবলত পৰিছে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল । ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিত জলমগ্ন হৈ পৰিছে কেইবাখনো শিক্ষানুষ্ঠান ।
পানীৰ তলত আছে কেইবাটাও পথ-উপপথ ৷ ডিমৌ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহুকেইটা গুৰুত্বপূৰ্ণ পথ-উপপথ ৷ ফলত যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত । খোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়, চিৰঞ্জিতা মহিলা ক্ৰীড়া বিদ্যালয়ৰ লগতে ডিমৌ নৈৰ কাষৰীয়া বহু পৰিয়ালৰ বাসগৃহ বুৰাই পেলাইছে ডিমৌ নৈৰ বাঢ়নী পানীয়ে ৷
খোৱাং চাৰিআলিৰ নগাবাৰী দলঙৰ পথচোৱা সম্পূৰ্ণৰূপে বুৰ গৈছে পানীত ৷ একেদৰে সুন্দৰ পথটো একাঁঠু পানীৰে ভৰি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে ৷ তদুপৰি বহু কৃষিভূমিও এতিয়া বুৰ গৈছে ডিমৌ নৈৰ বাঢ়নী পানীত ৷ প্ৰতিবছৰে বাৰিষা বানৰ কৱলত পৰা অঞ্চলটোত এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক:Gourav Gogoi speech: গৌৰৱৰ গৌৰৱময় ভাষণত কম্পিত মুখ্যমন্ত্ৰী, বিধায়ক আব্দুল বাতিন খন্দকাৰ