হাতীগাঁও চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক - Two Persons Died by elephant attack at kaliabor
Published : Dec 6, 2023, 11:03 AM IST
নগাঁও, 6 ডিচেম্বৰ :ক্ৰমাৎ যেন বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত ৷ নিতৌ বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু ঘটাৰ খবৰ আহিবলৈ ধৰিছে ৷ মঙলবাৰৰ নিশা কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় দুজন লোক ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত বন্যহস্তী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ উৎপাতত নিশা মানুহে খেতি বচাবলৈ উজাগৰী ৰজনী কটাবলগীয়া হৈছে ৷ কিন্তু বহুত মানুহ নিজ খেতিডৰা বচাবলৈ গৈয়ে মৃত্যু মুখত পৰিছে ৷
কলিয়াবৰৰ হাতীগাঁও বাগানত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই দুজন লোকক নিধন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধাননিত হাতী খেদিবলৈ যাওঁতেই হাতীৰ আক্ৰমণৰ সন্মুখীন হোৱা লোক দুজন হ’ল ক্ৰমে বিৰেন লোহাৰ (বুদু) আৰু চমা মূৰা (পেট্ৰা) ৷ জানিব পৰা মতে, হাতীগাঁও বাগানৰ ১ নং চালকনা বস্তিত নিশা প্ৰায় ৯ বজাত ধান ৰখিবলৈ যোৱা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত তেওঁলোকে দুয়োজনে প্ৰাণ হেৰুৱায় । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, সেই স্থানলৈ আজিলৈকে বন-বিভাগৰ লোক উপস্থিত হোৱা নাই ৷
লগতে পঢ়ক :প্ৰায় এমাহেই শান্তিৰে শুব পৰা নাই বনৰীয়া হাতীৰ উপদ্ৰৱত