অসম

assam

protest demanding SC status

ETV Bharat / videos

জনজাতিকৰণৰ দাবীত চচলত কলিতা জনগোষ্ঠীৰ দুটাকৈ সংগঠনৰ প্ৰতিবাদ - Kalita community demands for SC status

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:54 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ:কলিতা জনগোষ্ঠীক অনুসূচীত জাতিৰ স্বীকৃতি প্ৰদানৰ লগতে তেওঁলোকৰ ১০ দফীয়া দাবী পূৰণৰ বাবে সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ আৰু কলিতা জনগোষ্ঠী মহিলা পৰিষদৰ উদ্যোগত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে নাৰ্য দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । 

প্ৰতিবাদকাৰীসকলে বিশেষকৈ কলিতাসকলক অনুসূচীত জাতিৰ স্বীকৃতি প্ৰদান কৰা; কলিতাসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, প্ৰতি জিলাই জিলাই কলিতা ভৱন নিৰ্মাণ কৰা, কলিতাসকলৰ বাবে প্ৰাগজ্যোতিষপুৰ নামৰে স্বায়ত্তশাষিত পৰিষদ গঠন, কলিতা উন্নয়ন পৰিষদৰ পুঁজিলৈ ১০০০ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰা আদিকে ধৰি বহুকেইটা দাবীৰে গুৱাহাটী মহানগৰ জিলাৰ উপ-আৰক্ষী আয়ুক্ত মৈয়েত্ৰী ডেকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।  

লগতে পঢ়ক:জয়ন্তমল্লক কি প্ৰতুত্তৰ দিলে অজাপৰ লুৰীণজ্যোতি গগৈয়ে ?

ABOUT THE AUTHOR

...view details