অসম

assam

গুৱাহাটীৰ চচলত জনজাতি মহাসংঘৰ প্ৰতিবাদ

ETV Bharat / videos

Tribal Sangha protest at Guwahati: গুৱাহাটীৰ চচলত জনজাতি মহাসংঘৰ প্ৰতিবাদ - জনজাতি মহাসংঘ অসম

By

Published : Jun 30, 2023, 11:00 PM IST

গুৱাহাটী,30 জুন: শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে জনজাতি মহাসংঘ, অসমৰ কৰ্মীয়ে  প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে দীৰ্ঘদিন ধৰি অসমৰ ভূমি পুত্ৰক কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলে বি টি এ ডিৰ সমষ্টিসমূহৰ নিৰ্ধাৰণ কৰা খচৰা বাতিল কৰা, পৃথক বড়োলেণ্ডৰ সমস্যাসমূহ সমাধান কৰা, কাৰ্বি আলং আৰু ডিমা হাচাওক শীঘ্ৰে স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা দিয়াৰ লগতে তিৱা, মিছিং, ৰাভা ,দেউৰী ,সোণোৱাল, ঠেঙাল সকলক সাংবিধানিক মৰ্যদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷

সমান্তৰালকৈ হাজং, মেচ, কছাৰী, ভৈয়ামৰ কাৰ্বি আৰু টিৰাপ অঞ্চলৰ জনজাতীয় এলেকাসমূহক সামৰি শীঘ্ৰে স্বায়ত্ব পৰিষদ গঠন কৰাৰ দাবী প্ৰতিবাদকাৰী সকলৰ । যোগদল হত্যাকাণ্ড,  হিন্দু বাঙালী সকলক ভূমি অধিকাৰ দিয়া সিদ্ধান্ত বাতিল কৰা আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ চাংচুমা খাংগুৰ বিছমুতিয়াৰী, জনজাতি মহাসংঘ অসমৰ সভাপতি হলিৰাম তেৰাং,সম্পাদক ৰিমল আমাছিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক:Pabitra Margherita: ভাৰত-বাংলাদেশ সীমান্তৰ ভোগদাঙাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details