অসম

assam

GMCH ত চিকিৎসা বিনামূলীয়া হ’ব চাৰি যাত্ৰীৰ চিকিৎসা

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:45 PM IST

ETV Bharat / videos

GMCH ত চিকিৎসা বিনামূলীয়া হ’ব দেৰগাঁও পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত চাৰি যাত্ৰীৰ চিকিৎসা

গুৱাহাটী, 4 জানুৱাৰী : "কুলুমণি শইকীয়া আৰু মৃদুল শইকীয়াক বৰ্তমান বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়োৱা হৈছে । তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থ । উশাহ-নিশাহ লোৱাত অলপ অসুবিধা পাইছে তেওঁলোকে । দুয়োগৰাকীৰে কামিহাড় ভাঙিছে । নিশা ভাগত অহাৰ বাবে তেওঁলোকে দৰৱসমূহ কিনিব লগা হৈছিল কিন্তু এতিয়াৰ পৰা তেওঁলোকে কোনো ধৰণৰ দৰৱ কিনিব নালাগে । বিনামূলীয়া হ'ব তেওঁলোকৰ চিকিৎসা ৷" গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ পৰিচালন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই এই মন্তব্য প্ৰকাশ কৰে ৷ 

দেৰগাঁও পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা কুলুমণি শইকীয়া, প্ৰীতি শইকীয়া, মৃদুল শইকীয়াক বুধবাৰে নিশা GMCH ত ভৰ্তি কৰা হৈছিল ৷ তাৰ পিচতে বৃহস্পতিবাৰে অন্য এজন যাত্ৰী অৰূপ শইকীয়াক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুলুমণি শইকীয়া আৰু মৃদুল শইকীয়াক নিউৰ'ল'জী আৰু কাৰ্ডিঅ'ল'জী বিভাগত ভৰ্তি কৰোৱা হৈছে। আনহাতে 7 বছৰীয়া প্ৰীতি শইকীয়াক জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছে । চিকিৎসকে জনোৱা অনুসৰি, কণমানি প্ৰীতি শইকীয়াক প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব । 

লগতে পঢ়ক:দেৰগাঁও পথ দুৰ্ঘটনা : সংকটমুক্ত নহয় GMCH ত ভৰ্তি 4 গৰাকী

ABOUT THE AUTHOR

...view details