Train hits a man: ৰে’লৰ খুন্দাত নিহত এজন, পৰিচয় বিচাৰি বিমোৰত আৰক্ষী - Train Accident at Titabar
তিতাবৰ, 19 জুন : যোৰহাট জিলাৰ তিতাবৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে তিতাবৰ ন আলিত দ্ৰুতবেগী ৰে’লৰ খুন্দাত মৃত্যু হয় এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ৷ ৰে’লৰ খুন্দাত মৃত ব্যক্তিজনৰ ঠিকনা আৰু পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ন-আলি ৰে’লগেটত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃকদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ কি পৰিস্থিতিত আৰু কি কাৰণত ব্যক্তিজনৰ মৃত্যু হ'ল সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পিচতহে জানিব পৰাৰ যাব ৷
উল্লেখ্য যে, যোৰহাট জিলা বিশেষকৈ তিতাবৰ আৰু মৰিয়নীৰ বিভিন্ন স্থানত দ্ৰুতবেগী ৰে’লৰ খুন্দাত বহু লোকে মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে, একাংশ লোকৰ অসাৱধানতা আৰু সচেতনতাৰ অভাৱৰ বাবে নিজৰ জীৱন নিজেই বিসৰ্জন দিবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱা এক গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷ নিহত হোৱা ব্যক্তিজনৰ পৰিচয় বিচাৰি বিমোৰত পৰিছে ৰে’ল আৰক্ষী আৰু তিতাবৰ আৰক্ষী ৷
লগতে পঢ়ক:Crime in Guwahati: নুনমাটিৰ যৌন নিৰ্যাতনৰ ঘটনা, 13 আইচ ক্ৰীম ব্যৱসায়ীক জেৰা আৰক্ষীৰ