TMMK protest: যৌন উৎপীড়নকাৰীক চিলাপথাৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ TMMK ৰ - silapthar police
Published : Aug 30, 2023, 4:08 PM IST
জোনাই, ৩০ আগষ্ট :যৌন উৎপীড়নকাৰীক চিলাপথাৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ বৃহৎ অভিযোগ উত্থাপন কৰিছে মিচিং নাৰীৰ জাতীয় সংগঠন TMMK য়ে ৷ ঘটনা অনুসৰি যোৱা ১৮ আগষ্টতে চিলাপাথাৰ অকাজন ডাবলং গাঁৱৰ গাওঁপ্ৰধান উমেশ পেগুৰ বিৰূদ্ধে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল নিৰ্যাতিতা মহিলাগৰাকীয়ে। কিন্তু যোৱা ১৩ টা দিনৰ পিচতো গ্ৰেপ্তাৰ নহ'ল অভিযুক্ত।
ইয়াৰ পিচতে এতিয়া জাঙুৰ খাই উঠিছে মিচিং নাৰীৰ জাতীয় সংগঠন TMMK য়ে ৷ ইফালে অভিযুক্তৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ খোদ স্থানীয় বিধায়ক ভুৱন পেগুৱে প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তৎসত্বেও আজি পৰ্যন্ত লৰচৰ নহ’ল আৰক্ষী ৷
আৰক্ষীৰ চকুৰ সন্মুখতে গিজগিজাই ঘূৰি ফুৰা অভিযুক্তটোক আটক নকৰা কাৰ্যই আৰক্ষীৰ ফোঁপোলা স্বৰূপটো প্ৰদৰ্শন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে মহিলা সংগঠনটোৱে ৷ সেয়ে অভিযুক্তক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত নকৰিলে তীব্ৰ আন্দোলন চলোৱা হ'ব বুলি সকীয়াই দিছে মহিলা সংগঠনটোৱে ৷
লগতে পঢ়ক:AJP road construction: ৰামেশ্বৰ তেলীক প্ৰত্যাহ্বান জনাই হাতে কামে পথ নিৰ্মাণত লাগিল লুৰীণজ্যোতি