Ripun Bora over Karnataka election:তৃণমূল কংগ্ৰেছলৈ গ’লেও কংগ্ৰেছৰ প্ৰতি দৰদ কমা নাই ৰিপুন বৰাৰ !
নলবাৰী, 16 মে’ :‘‘কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ হোৱাটো দেশৰ কাৰণে এটা সুখবৰ । কংগ্ৰেছৰ জয় দেশৰ গণতন্ত্ৰৰ জয়’’ ৷ মঙলবাৰে নলবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই (Ripun Bora over Karnataka election) ।
বিজেপিয়ে যি ধৰণে গণতন্ত্ৰক শেষ কৰি আনিছিল তাৰ বিৰুদ্ধে কৰ্ণাটকৰ ৰাইজে ৰায় দিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে । নলবাৰীত উপস্থিত কেৱল হিন্দু-মুছলিম কৰিয়েই বিজেপি চৰকাৰখনে দহ বছৰ কাম কৰিলে বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই (Ripun Bora criticises BJP) ।
আনহাতে, বৰাই অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Ripun Bora on assam CM) ৷ যিয়ে নিজৰ ৰাজ্যখন চলাব পৰা নাই তেওঁ আকৌ টকাৰ বলত আন ৰাজ্যৰ লিডাৰ হ’বলৈ গৈ লাজ পায় বুলি কটাক্ষ কৰে । উল্লেখ্য যে, এগৰাকী তৃণমূল কৰ্মীৰ পত্নীৰ মৃত্যুৰ খবৰ ল’বলৈ ৰিপুন বৰা নলবাৰী উপস্থিত হয় ৷
লগতে পঢ়ক :Congress Karnataka CM imbroglio: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ খাৰ্গেৰ বাসগৃহত বৈঠক