অসম

assam

By

Published : Oct 29, 2022, 8:41 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Nakari excluded from DAC: দেউৰী পৰিষদৰ পৰা কৰ্তন লখিমপুৰৰ নকাৰী

লখিমপুৰ নগৰৰ নকাৰীত শনিবাৰে সন্ধিয়া আবতৰীয়া দেৱালী পাতে ৰাইজে । আতচবাজী কৰি উল্লাসত ফাটি পৰে নকাৰীৰ ৰাইজ । দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ পৰা নাম কৰ্তন কৰা হ’ল নকাৰীৰ(Nakari excluded from Deuri autonomous council) ৷ যাৰ বাবে এই বিজয় উল্লাস সদৃশ পৰিবেশ সৃষ্টি হয় অঞ্চলটোত । উল্লেখ্য যে, দেউৰী পৰিষদৰ ২১ নং গাভৰু টুনীজান সমষ্টিত অন্তর্ভুক্ত কৰা হৈছিল লখিমপুৰ নগৰৰ এক, দুই আৰু তিনি নং ৱাৰ্ডক(Deuri autonomous council) । এই লৈ নকাৰীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়(Guwahati High Court) । ন্যায়ালয়ে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ ফলস্বৰূপে আজি ভৈয়াম জনজাতি কল্যাণ দপ্তৰৰ প্ৰধান সচিবে নকাৰীৰ ৱাৰ্ডকেইটা দেউৰী পৰিষদৰ পৰা নাকচ কৰে । এই খবৰ বিয়পি পৰাৰ লগে লগে নকাৰীৰ ৰাইজে আতচবাজী জ্বলাই আবতৰীয়া দেৱালী পাতি চৰকাৰৰ লগতে উচ্চ ন্যায়ালয়ক ধন্যবাদ জনায় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details