অসম

assam

মটৰ চুৰি কৰিবলৈ যোৱা চোৰৰ পিঠিত ৰাইজৰ ঔকিল

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:15 AM IST

ETV Bharat / videos

Theft incident at Rangia: মটৰ চুৰি কৰিবলৈ যোৱা চোৰৰ পিঠিত ৰাইজৰ ঔকিল

ৰঙিয়া, 31 অক্টোবৰ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে চোৰৰ উপদ্ৰৱ ৷ সোমবাৰে ৰঙিয়াৰ মৰাণজানাত তিনি গভাইত চোৰক উত্তম-মধ্যম সোধালে স্থানীয় ৰাইজে । 

ঘটনাৰ বিৱৰণি অনুসৰি ৰঙিয়াৰ মৰাণজানাত দীৰ্ঘদিনৰ পৰা চোৰৰ উপদ্ৰৱ চলি আহিছিল । সোমবাৰেও মৰাণজানাৰ এটি উদ্যোগত তিনি চোৰে চুৰি কাৰ্য সংঘটিত কৰিছিল । উদ্যোগটোত থকা এটি মটৰ চুৰি কৰি ৰাইজৰ ৰোষত পৰে তিনি চোৰ । ফলত উত্তেজিত একাংশ লোকে তিনিটা চোৰক ধৰি উত্তম মধ্যম সোধাই ৷

পৰৱৰ্তী সময়ত তিনিচোৰক ৰাইজে আৰক্ষীক গতাই দিয়ে । ধৃত তিনি চোৰ হৈছে ৰঙিয়াৰ মৰাণজানাৰ তফাজুল আলী, বামুনগাঁৱৰ আইনুল হক আৰু জেহেৰুল হক । আৰক্ষীয়ে তিনি চোৰক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে ৰঙিয়া থানালৈ  লৈ যায় ৷ সম্প্ৰতি আৰক্ষীয়ে চোৰকেইটাক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Leprosy detection campaign : তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details