অসম

assam

হনুমান মন্দিৰ আয়োজন কৰা হয় শৰৎ পূৰ্ণিমা অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:06 PM IST

ETV Bharat / videos

Silver doors open in Hanuman temple : খাৰুপেটীয়াৰ হনুমান মন্দিৰত ৭০ কিলো ওজনৰ ‌তিনিখন ৰূপৰ দুৱাৰ মুকুলি

দলগাঁও, ২৮ অক্টোবৰ :খাৰুপেটীয়াৰ হনুমান মন্দিৰ আয়োজন কৰা হয় শৰৎ পূৰ্ণিমা অনুষ্ঠান ৷ এই অনুষ্ঠানত ভক্তিমূলক গীতৰ তালে তালে নৃত্য কৰিলে‌ সাংসদ দিলীপ শইকীয়া আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে । উল্লেখযোগ্য যে, শৰৎ পূৰ্ণিমা উপলক্ষে শুকুৰবাৰে হনুমান মন্দিৰত আয়োজিত এই অনুষ্ঠানটিত তিনিখন ৰূপৰ দুৱাৰ মুকলি কৰা হয় ।

শিৱ দৰবাৰ, শ্ৰীৰাম দৰবাৰ আৰু শ্ৰী হনুমান দৰবাৰত নতুনকৈ লগোৱা হয় মুঠ ৭০ কিলো ওজনৰ ‌তিনিখন ৰূপৰ দৰ্জা । এই দৰ্জাকেইখন মুকলি কৰে বাচৰাজ বুচা, ভগৱান আগৰৱাল আৰু ৰাধেশ্যাম আগৰৱালে । দৰ্জা মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, সমাজকৰ্মী মুকুল ডেকা, খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহা ।

এই ৰূপৰ দুৱাৰ মুকুলি অনুষ্ঠানৰ পাচত আয়োজন কৰা ভজন সন্ধ্যাৰ কাৰ্যসূচী । ভজন সন্ধ্যাত কলকাতা আৰু ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত অতিথিয়ে পৰিৱেশন কৰে ভক্তিমূলক গীত । এই ভক্তিমূলক গীতৰ তালে তালে নৃত্য কৰে সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন কেবাজনো লোকে ।

লগতে পঢ়ক :AGP BJP conflict : যুৱ মৰ্চাৰ এজাহাৰত যুৱ পৰিষদৰ নেতাক আটক কৰাক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details