অসম

assam

বিদ্যালয়লৈ যোৱা কিশোৰীক বেজী দি অপহৰণ তিনি অচিনাক্ত যুৱকৰ

By

Published : Aug 8, 2023, 9:37 PM IST

ETV Bharat / videos

Student kidnapped: বিশ্বনাথৰ কিশোৰীক বেজী দি অপহৰণ তিনি অচিনাক্ত যুৱকৰ

যোৰহাট, 8 আগষ্ট :ৰাজ্যত ইটোৰ পিচত সিটোকৈ সংঘটিত হৈছে অপহৰণৰ ঘটনা ৷ মঙলবাৰৰ দিনটোতেই ৰাজ্যৰ নলবাৰী আৰু বিশ্বনাথ চাৰিআলিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷  

বিশ্বনাথ চাৰিআলিত খুৰাকৰ ঘৰত বাস কৰা এগৰাকী 14 বছৰীয়া ছাত্ৰীক বিদ্যালয়লৈ যোৱাৰ পথত তিনি অচিনাক্ত যুৱকে এখন বাছত জোৰকৈ উঠিবলৈ বাধ্য কৰে। তাৰ পিচতে ছাত্ৰীগৰাকীক বেজী দি মনে মনে দলটোৰ লগত যোৰহাটলৈ যাবলৈ ধমকি দিয়ে ৷ নহ’লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে কিশোৰীগৰাকীক ৷  

তাৰ পিচতে যোৰহাট পোৱাৰ পাচত যুৱক তিনিজন পলাই যায়। ফলত কিশোৰীগৰাকীয়ে এখন পান দোকানৰ সন্মুখতে কান্দি কান্দি অপেক্ষা কৰে ৷ পান দোকানী কিশোৰীগৰাকীক কি হৈছে বুলি কৰা প্ৰশ্নত তেওঁ ঘৰলৈ ফোন কৰিবলৈ ফোন বিচাৰে ৷ 

ঘৰলৈ ফোন কৰি কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰাত ঘৰৰ লোকে পান দোকানীজনক কিশোৰীগৰাকীক ৰাখিবলৈ অনুৰোধ কৰে ৷ তাৰ পিচতে সেই ঠাইত স্থানীয় লোকে এজন দুজনকৈ আহি উপস্থিত হৈ কিশোৰীগৰাকীক যোৰহাট আৰক্ষীক গতাই দিয়ে ৷

উল্লেখ্য যে, ঢুকুৱাখনাৰ কিশোৰীগৰাকীয়ে মাজুলীৰ জেংৰাইমুখৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িছিল কিন্তু 6 মাহ পূৰ্বে বিশ্বনাথৰ খুৰাকৰ ঘৰত থাকি পঢ়িবলৈ লৈছিল। যোৰহাট আৰক্ষীৰ জিম্মাত ৰখা কিশোৰীগৰাকীৰ খুৰাকৰ ঘৰলৈ খবৰ দিয়া হৈছে ৷

লগতে পঢ়ক:Miscreant snatches Money: শিক্ষকৰ গাত খজুৱতিৰ ঔষধ চটিয়াই লক্ষাধিক লৈ উধাও দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details