অসম

assam

জুইলৈ ভ্ৰুক্ষেপ নকৰি বন্যহস্তীয়ে চোঁচা ললে মানুহলৈ

ETV Bharat / videos

গোলাঘাটত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য, জুইলৈ ভ্ৰূক্ষেপ নকৰি বন্যহস্তীয়ে চোঁচা ললে মানুহলৈ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:41 AM IST

গোলাঘাট, 11 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে গোলাঘাট জিলাৰ মৰঙিৰ বিভিন্ন স্থানত উপদ্ৰৱ অব্যাহত ৰাখিছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া গৰু-ছাগলীৰ দৰে মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ জাকে ৷ পৰিপ্ৰেক্ষিতত জিলাখনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷

ইফালে পুৱাৰ ভাগতে ধাননিত বিচৰণ কৰি থকা বন্যহস্তীৰ জাক খেদিবলৈ ওলাই আহিল স্থানীয় ৰাইজ ৷ মৰঙিৰ ঢলা কছাৰী পথাৰত পুৱাই হাতত জুই লৈ ৰাইজে বন্যহস্তী খেদাৰ চেষ্টা কৰা ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত ৷ বিপৰীতে জুইলৈও কেৰেপ নকৰি বন্যহস্তীয়ে ওলোটাই মানুহলৈ চোঁচা ললে ৷ আনহাতে, নিজৰ পকা ধাননি ডৰাৰ পৰা হাতীৰ জাকটোক খেদিবলৈ যাওঁতে কথমপিহে প্ৰাণ ৰক্ষা পৰে তিনিজনকৈ লোক ৷

উল্লেখ্য যে, দিনৰ ভাগতে বন্যহস্তীৰ বৃহৎ জাকে মৰঙি অঞ্চলৰ পথাৰৰ ধান খাই তহিলং কৰাত উপায়ন্তৰ হৈ পৰিছে ৰাইজ ৷ কিন্তু ইমানৰ পাচতো বন্যহস্তী খেদিবলৈ বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক :দেৰগাঁৱৰ জেলেহুৱা গাঁৱত নিশা ভালুকৰ আতংক

ABOUT THE AUTHOR

...view details