অসম

assam

কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:22 PM IST

ETV Bharat / videos

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

নগাঁও, 5 জানুৱাৰী :শুকুৰবাৰে বিয়লি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে । জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আহিছে গুৱাহাটীৰ এগৰাকী সাংবাদিকৰ বিৰুদ্ধে । জিলা আয়ুক্তক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰে ছেটেলাইট চেনেলৰ গুৱাহাটীৰ সাংবাদিক দীপাংকৰ মেধিক ।

আনহাতে সাংবাদিক দীপাংকৰ মেধিক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে । ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও আয়ুক্ত কাৰ্যালয়ত । বাতৰি সংক্ৰান্তত জিলা আয়ুক্তক লগ কৰিবলৈ অহা বুলি দাবী কৰে সাংবাদিক গৰাকীয়ে । সাংবাদিক গৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে জিলা আয়ুক্তই সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰা বুলি জানিব পৰা গৈছে । ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক :নগাঁৱত ঢেকিয়াপতিয়াৰ আতংক, কোন কোন অঞ্চলত ১৪৪ ধাৰা জাৰি ?

ABOUT THE AUTHOR

...view details