Tea Garden Workers Protest : ডুমডুমাৰ দাইচা চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - চাহ জনজাতি ছাত্ৰ সন্থা
Published : Sep 16, 2023, 8:14 PM IST
তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰ : ২৫ ছেপ্টেম্বৰত "কৰম পৰৱ" উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে চৰকাৰী ছুটী ৷ কিন্তু কৰম পৰৱৰ দিনটোত চৰকাৰী ছুটীত মজুৰী নাপায় চাহ শ্ৰমিকে ৷ ইয়াকে লৈ শনিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় দল- সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
অসম চাহ জনজাতি ছাত্ৰ সন্থাই দীৰ্ঘদিনৰপৰা দাবী জনাই আহিছিল কৰম পৰৱৰ দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ লগতে মজুৰি প্ৰদান কৰিবলৈ ৷ কিন্তু শ্ৰম বিভাগে শুকুৰবাৰে প্ৰকাশ কৰা এক নিৰ্দেশনা মতে "কৰম পৰৱ"ৰ চৰকাৰী ছুটীত চাহ বাগিচা বন্ধ থাকিব যদিও চাহ শ্ৰমিকে ছুটীৰ মজুৰী নাপাব ৷
উক্ত দিনাৰ হাজিৰাৰ বাবদ ৰবিবাৰে বা অন্য ছুটীৰ দিনা বাগিচাত কাম কৰিব লাগিব শ্ৰমিকে ৷ চৰকাৰী নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছতে চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় দল-সংগঠন আৰু ব্যক্তিয়ে চৰকাৰী এই নিৰ্দেশনা বাতিল কৰি কৰম পৰৱ উপলক্ষে চাহ শ্ৰমিকক মজুৰীসহ ছুটী দিয়াৰ নিৰ্দেশনা জাৰি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷
লগতে পঢ়ক :AATSA Protest: বাগিচা অঞ্চলত নিষিদ্ধ হ’ব পাৰে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ