অসম

assam

শ্বহীদ দিৱসৰ দিনাই চাৰি শ্বহীদৰ নামত পথ মুকলি বিধায়ক বিশ্বজিৎ ফুকনৰ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 12:23 PM IST

ETV Bharat / videos

শ্বহীদ দিৱসৰ দিনাই চাৰি শ্বহীদৰ নামত পথ মুকলি সৰুপথাৰত

সৰুপথাৰ, 11 ডিচেম্বৰ : অসম আন্দোলনৰ শ্বহীদসকলৰ বীৰ গাথা সুঁৱৰি দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন কৰিলে ৷ সমান্তৰালকৈ সৰুপথাৰতো শ্বহীদ দিৱসৰ পালন কৰা হয় ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত পালন কৰিল শ্বহীদ দিৱস ।

এই দিৱসৰ লগত সংগতি ৰাখি সৰুপথাৰ নগৰত চাৰিটাকৈ পথ শ্বহীদৰ নামত নামাকৰণ কৰা হয় । শ্বহীদ বলিন ৰাজখোৱা, শ্বহীদ দেৱেশ্বৰ বৰা, শ্বহীদ মানিক ডেকা আৰু শ্বহীদ অনিল বৰাৰ নামেৰে উৎসৰ্গিত কৰে নগৰখনৰ চাৰিটাকৈ পথ ৷

আনহাতে, শ্বহীদৰ নামত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত স্থাপন কৰা শ্বহীদবেদী উদ্বোধন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে । উক্ত অনুষ্ঠানতে অসমৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদ পৰিয়ালৰ সদস্যকো সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :গোলাঘাটত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য, জুইলৈ ভ্ৰূক্ষেপ নকৰি বন্যহস্তীয়ে চোঁচা ললে মানুহলৈ

ABOUT THE AUTHOR

...view details