অসম

assam

বৰপেটাত ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাৰ শুভাৰম্ভ

ETV Bharat / videos

Handloom Expo : বৰপেটাত ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাৰ শুভাৰম্ভ - State Handloom Expo in Barpeta

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:41 PM IST

বৰপেটা, ২৮ অক্টোবৰ : ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সৌজন্যত আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ হস্ততাঁত আৰু শিপিনী সমবায় লিমিটেডৰ উদ্যোগত শনিবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত মেলাৰ । বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই মেলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ।

শিপিনী তথা হস্ততাঁতৰ লগত জড়িত লোকসকলক এখন বহল বজাৰ সৃষ্টি কৰি দিয়াৰ লক্ষ্যৰে এই মেলাৰ আয়োজন কৰা হৈছে । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ হস্ততাঁত আৰু শিপিনী সমবায় লিমিটেডৰ পৰিচালন সঞ্চালক ছাইফুল ইছলামে কোৱা মতে জন্মু-কাশ্মীৰ, হাৰিয়ানাকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ প্ৰায় সকলো জিলাৰ হস্ততাঁতৰ লগত জড়িত শিপিনীসকলে এই মেলাত অংশগ্ৰহণ কৰিছে ।

তেওঁ উল্লেখ কৰা মতে এই মেলাত বস্ত্ৰৰ লগতে হস্তশিল্পও প্ৰদৰ্শিত হৈছে । মৰাপাটৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীও উপলব্ধ হ'ব এই মেলাত । অহা ৮ নৱেম্বৰলৈ চলিবলগীয়া এই মেলাত মুঠ ৬০ খন বিপনী আছে ।

লগতে পঢ়ক :Silver doors open in Hanuman temple : খাৰুপেটীয়াৰ হনুমান মন্দিৰত ৭০ কিলো ওজনৰ ‌তিনিখন ৰূপৰ দুৱাৰ মুকুলি

ABOUT THE AUTHOR

...view details