Slow loris rescued: চন্দ্ৰপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ - দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
গুৱাহাটী, 11 মে’: চন্দ্ৰপুৰত উদ্ধাৰ এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালী (Slow loris rescued) ৷ চন্দ্ৰপুৰৰ সূতাকলত বৃহস্পতিবাৰে দিনৰ ভাগত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় লাজুকী বান্দৰৰ পোৱালীটো ৷ অঞ্চলটোৰ কেইজনমান লোকে এখন বিদ্যালয়ৰ সন্মুখত বহি থকা অৱস্থাত লাজুকী বান্দৰৰ পোৱালীটো প্ৰত্যক্ষ কৰি ততালিকে খবৰ দিয়ে চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত (Slow loris rescued at Chandrapur in Guwahati) ৷
কিছু সময়ৰ পিছতেই বন বিভাগৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত লাজুকী বান্দৰৰ পোৱালীটো উদ্ধাৰ কৰে ৷ পৰবৰ্তী সময়ত বন বিভাগৰ লোকে উদ্ধাৰ কৰা লাজুকী বান্দৰটো অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বন বিভাগে চন্দ্ৰপুৰৰ বিভিন্ন স্থানত কেইবাটাও লাজুকী বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল (Slow loris rescued at Chandrapur) ৷
লগতে পঢ়ক:Manas National Park: পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান