মুছলপুৰত দক্ষতা বিকাশ কেন্দ্ৰ এছআইটি এবাকাছ শিক্ষানুষ্ঠান মুকলি - দক্ষতা বিকাশ কেন্দ্ৰ
Published : Nov 20, 2023, 8:06 PM IST
বাক্সা, ২০ নৱেম্বৰ : বাক্সা জিলাৰ মুছলপুৰত এছআইটি এবাকাছ শিক্ষানুষ্ঠানৰ (দক্ষতা বিকাশ কেন্দ্ৰ) আনুষ্ঠানিকভাৱে মুকলি কৰা হয় সোমবাৰে ৷ এছআইটি এবাকাছ শিক্ষানুষ্ঠানৰ পৰিচালনা সঞ্চালক অৰুণাভ দত্তই জানিবলৈ দিয়ে যে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ লগতে কেনেধৰণে পঢ়াৰ প্ৰতি মনোযোগ বঢ়াব পাৰি সেই উদ্দেশ্য আগত ৰাখিয়েই এছআইটি এবাকাছ শিক্ষানুষ্ঠান সংস্থাই অসমত ২০০৯ চনৰ পৰা কাম কৰি আছে । এই দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে বিশেষকৈ ছাত্ৰ-ছাত্ৰীক গণিতৰ প্ৰতি আকৰ্ষিত কৰাটো সহজ হৈ পৰিছে আৰু মগজুৰ বিকাশত এই কেন্দ্ৰই বহুত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷
মুছলপুৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষয়িত্ৰী জিতুমনী স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়ে যে, ৬ বছৰৰ পৰা ১২ বছৰৰ ছাত্ৰ-ছাত্ৰীক (প্ৰথম শ্ৰেণীৰ পৰা ষষ্টম শ্ৰেণী) ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলক ছবি অকা, দ্ৰুত লিখনি আৰু স্মৃতিশক্তি বৰ্ধনৰ বাবে প্ৰশিক্ষণ দিয়া হব ৷ বৰ্তমান সময়ত উন্নত ৰাষ্ট্ৰৰ লগত সমানে আগুৱাই যোৱাৰ সংকল্প লোৱাৰ উদ্দেশ্য এনেধৰণৰ শিক্ষানুষ্ঠানৰ আৱশ্যকতা আহি পৰিছে ৷
লগতে পঢ়ক :Minor suffering from severe disease: সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ