ড৹ হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত থাকে: জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা
Published : Jan 12, 2024, 4:06 PM IST
নিউজ ডেস্ক, 12 জানুৱাৰী: 2040 চনত খিলঞ্জীয়া সংখ্যালঘূত পৰিণত হ’ব বাংলাদেশীৰ ভিৰত ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত আছে ৷ তেওঁ সদায় ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰে ৷ এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ৷
সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াক সুৰক্ষা দিব বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কৰা মন্তব্যৰ আঁত ধৰি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীৰ সেই সমাধানসূত্ৰ কেন্সাৰ ৰোগত জ্বৰৰ ঔষধেৰে চিকিৎসাৰ দৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সমাধানৰ পথ নহয় বুলি মুখ্যমন্ত্ৰীয়ে জানে বুলি মন্তব্য কৰি উপমন্যু হাজৰিকাই কয় যে সমষ্টি নিৰ্ধাৰণে এটা সমষ্টিৰ ভোটাৰ আন এটা সমষ্টিলৈ স্থানান্তৰ কৰিব, কিন্তু বাংলাদেশীৰ সংখ্যা একেই থাকিব ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়েতে নগাঁও সমষ্টি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গ’ল বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ অসম আন্দোলনৰ প্ৰসংগ টানি আনি প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়কগৰাকীয়ে কয় যে আজিলৈকে কোনেও সমষ্টি পুনৰ নিৰ্ধাৰণক খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি কোৱা নাই ৷ যদিহে 2040ত খিলঞ্জীয়া সংখ্যালঘূ হোৱাৰ পৰা বচাব লাগে, তেন্তে খিলঞ্জীয়াৰ বাবে ভূমি, চাকৰি, বাণিজ্য আদি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব বুলি কয় উপমন্যু হাজৰিকাই ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণেৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাক ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ প্ৰসংগক্ৰমে তেওঁ আলফা-চৰকাৰৰ শান্তিচুক্তিক অদ্ভূত চুক্তি বুলি আখ্যা দিয়ে ৷
লগতে পঢ়ক:আলফা-চৰকাৰৰ শান্তিচুক্তিত লাভান্বিত হ’ল ড৹ শৰ্মা: উপমন্যু হাজৰিকা