অসম

assam

চন্দ্ৰযান-৩ অৱতাৰণৰ দৃশ্য দেখুৱাবৰ বাবে সাজু বিদ্যালয়

ETV Bharat / videos

Chandrayaan 3: চন্দ্ৰযান-৩ অৱতৰণৰ ঐতিহাসিক মুহূৰ্ত প্ৰদৰ্শনৰ বাবে সাজু হৈছে বিদ্যালয়সমূহ - চন্দ্ৰযান

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:05 PM IST

হোজাই, 23 আগষ্ট :সমগ্ৰ ভাৰতবাসীৰে বাবে আজিৰ দিনটো এক অবিস্মৰণীয় দিন ৷ আজি চন্দ্ৰযান ৩ য়ে সন্ধিয়া প্ৰায় ৬ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতণ কৰিব ৷ ইয়াৰ দৃশ্যাৱলী ISRO য়ে টিভি চেনেল, চ’ছিয়েল মিডিয়া আদিৰ জৰিয়তে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব । ইয়াৰ বাবে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানতেই দৃশ্য প্ৰদৰ্শনৰ বাবে বিদ্যালয়সমূহত শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা ।

উক্ত নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি হোজাইৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহ সাজু হৈছে চন্দ্ৰযান-৩ অৱতৰণৰ দৃশ্য দেখুৱাবৰ বাবে ৷ লংকাৰ মাজমজিয়াত থকা লংকা হাইস্কুলতো চন্দ্ৰযান-৩ ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ মুহূৰ্ত ছাত্ৰ-ছাত্ৰীক দেখুৱাবৰ বাবে চলিছে প্ৰস্তুতি ৷ বিদ্যালয়খনত ডিজিটেল শ্ৰেণীকোঠাত আৰু হলত প্ৰজেক্টৰৰ মাধ্যমেৰে চন্দ্ৰযান-৩ অৱতৰণৰ ঐতিহাসিক মুহূৰ্ত দেখুওৱাৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই । বৰ্তমান লংকা হাইস্কুল ছুটি দিয়া হৈছে যদিও ৬ বজাৰ পূৰ্বে নিজৰ অভিভাৱকক লগত লৈ বিদ্যালয়লৈ আহিবলৈ প্ৰতিগৰাকী শিক্ষাৰ্থীক জাননীৰ দ্বাৰা অৱগত কৰাইছে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Chandrayaan 3: চন্দ্ৰযানৰ স্বয়ংক্ৰিয় অৱতৰণ ক্ৰম আৰম্ভ

ABOUT THE AUTHOR

...view details