অসম

assam

বিদ্যালয়লৈ গৈ ঘৰলৈ উভতি নাহিল কিশোৰী

By

Published : Sep 4, 2022, 3:46 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

যোৰহাটৰ তিতাবৰত কিশোৰী নিৰুদ্দেশ হোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Missing case in Jorhat)৷ তিতাবৰৰ নগাবাট অভয়পুৰীয়াৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে । প্ৰতিদিনৰ দৰেই যোৱা 2 ছেপ্টেম্বৰত বিদ্যালয়লৈ গৈছিল সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকা (13) (School girl missing at Titabar)৷ তাৰ পিছৰে পৰাই বিদ্যালয় ছুটী হোৱাৰ পাছতো ঘৰলৈ উভতি নাহে শিল্পা ৷ লগে লগে ঘৰৰ লোকে খা-খবৰ কৰে যদিও কোনো সন্ধান নাপায় কিশোৰীগৰাকীৰ ৷ ছাত্ৰীগৰাকী শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত ৷ 3 ছেপ্টেম্বৰত শিল্পাৰ পৰিয়ালৰ লোকে পানীখেতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমান পানীখেতি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে । কিন্তু বর্তমানও কোনো শুংসূত্ৰ নাই ছাত্ৰীগৰাকীৰ ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details