অসম

assam

চামগুৰিত জল জীৱন মিছনৰ নামত খেলিমেলি

ETV Bharat / videos

Scam in Jal Jeevan Mission Scheme: চামগুৰিত জল জীৱন মিছনৰ নামত খেলিমেলি

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:59 PM IST

চামগুৰি,২৬ ছেপ্টেম্বৰ: চামগুৰিত জল জীৱন মিছন আঁচনিৰ নামত অভিযন্তা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ । চামগুৰি সমষ্টিৰ অন্তৰ্গত মোৱামাৰী পঞ্চায়তৰ নামত আবণ্টন হোৱা পানী যোগান আঁচনি নিৰ্মাণ কৰাক লৈ অভিযোগ মোৱামাৰী পঞ্চায়তৰ ৰাইজৰ । বাজিয়া গাঁও উন্নয়ন খণ্ডৰ মোৱামাৰী পঞ্চায়তৰ নামত অহা পানী যোগান আঁচনি কৌশলৰে লাওখোৱা উন্নয়ন খণ্ডৰ কাৱৈমাৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰাক লৈ স্থানীয় ৰাইজৰ ক্ষোভ ।  

ৰাইজৰ সন্দেহ অভিযন্তা আৰু বিভাগৰ ভিতৰত গোপন বুজাবুজিৰে মোৱামাৰি গাঁও পঞ্চায়তৰ ৰাইজক বঞ্চিত কৰি কাৱৈমাৰি পঞ্চায়তৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছে । ইতিমধ্যে মোৱামাৰী গাঁও পঞ্চায়তৰ ৰাইজক লগত লৈ এলানি আলোচনাত মিলিত হৈ সমগ্ৰ বিষয়টো পুনৰ চৰ্চা কৰি মোৱামাৰী পঞ্চায়তৰ ৰাইজৰ সুবিধা কৰিব বুলি প্ৰতিশ্ৰুতি দি প্ৰায় এক সপ্তাহ দিন পাৰ হোৱাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ৰাইজে মহখুলি স্থিত PHC কাৰ্যালয়ৰ লগতে মোৱামাৰী আৰক্ষী পহৰা চকীত দাখিল কৰিছে এখন অভিযোগ পত্ৰ ।  

লগতে পঢ়ক:Assam Bhawan in Tamilnadu: তামিলনাডুৰ ভেলোৰত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details