অসম

assam

বিৰছা মুণ্ডাৰ জন্মজয়ন্তীত ভাগ ল'লে সৰ্বানন্দ সোণোৱালে

ETV Bharat / videos

Birsa Munda birth anniversary: বিৰছা মুণ্ডাৰ জন্মজয়ন্তীত ভাগ ল'লে সৰ্বানন্দ সোণোৱালে

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:22 PM IST

মিৰ্জা,১৫ নৱেম্বৰ:আজি ৰাজ্যৰ আদিবাসীসকলে উদযাপন কৰিছে গুৰু বিৰছা মুণ্ডাৰ জন্মজয়ন্তী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীতো উদযাপন কৰা হয় বিৰছা মুণ্ডাৰ জন্মজয়ন্তী । জন্মজয়ন্তী উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় মহানগৰীৰ পাশ্বৰ্ৱতী ৰাণীত । ৰাণীৰ ওৰাং বস্তিত ৰাইজৰ মাজত উপস্থিত হৈ বিৰছা মুণ্ডাক স্মৰণ কৰে ।  

কিছুসময়ৰ বাবে উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আদিবাসী লোকৰ সৈতে চোতালত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাও পৰিলক্ষিত হয় । তাৰ পিছতে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে । আদিবাসী ভাষাতে স্থানীয় যুৱতীসকলৰ সৈতে মত বিনিময় কৰি ৰাণীৰ বিৰছা মুণ্ডাক স্মৰণ কৰে । আদিবাসী ভাষাতে স্থানীয় যুৱতীসকলৰ সৈতে কথা বতৰা পাতে ।

লগতে পঢ়ক:Lok Sabha election 2024: আসন ভাগ-বাটোৱাৰাক লৈ বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details