অসম

assam

শৰণ লোৱা পৰ্ব বা প্ৰথা

ETV Bharat / videos

নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত 200 গৰাকী পুৰুষ মহিলাই ল’লে শৰণ - অসমৰ সত্ৰীয়া‌ সংস্কৃতি

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:20 AM IST

ডিব্ৰুগড়, 15 ডিচেম্বৰ :আধ্যাত্মিকতাৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি অহিছে শৰণ লোৱা পৰ্ব বা প্ৰথা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ ভাকুমৰাৰ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ বৈষ্ণৱ বৰ নামঘৰৰ অনুষ্ঠিত হ’ল শৰণ পৰ্ব । যুগে যুগে মায়ামৰা ধৰ্মত বিশ্বাসী লোকসকলে শৰণ গ্ৰহণ কৰি‌ আহিছে ।

অসমৰ সত্ৰীয়া‌ সংস্কৃতিসমূহৰ ভিতৰত মায়ামৰা ধৰ্মীয় শৰণ পৰ্ব কিছু পৃথক । ঐতিহাসিক মায়ামৰা সত্ৰৰ পৰম্পৰাগত নিয়ম অনুসৰি বৃহস্পতিবাৰে গুৰু সেৱা কৰি মূৰত কলপাতেৰে মেৰিওৱা তামোল-পাণ লৈ পুখুৰীত ডুব মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে ।

গায়ন বায়ন পৰিৱেশনৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত ডিব্ৰুগড়ত অনুষ্ঠিত হয় শৰণ লোৱা কাৰ্যসূচী । ইয়াৰ মাজতে গুৰু আসনৰ আগত সাষ্টাংগে প্ৰণিপাত জনায় সকলোৱে । এই শৰণৰ জৰিয়তে শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ধৰ্মৰ ব্যক্তিসকলে সত্ৰাধিকাৰৰ পৰা একোটি নাম লয় । ভগৱন্তৰ সহস্ৰ নামৰ এটিকৈ নাম গুৰুপ্ৰদত্ত হিচাপে লৈ ধৰ্মীয় বান্ধোনত আৱদ্ধ হয় । এগৰাকী জ্যেষ্ঠ ভকতৰ নেতৃত্বত শৰণ গ্ৰহণ কৰা পিচত সমাজৰ আধ্যাত্মিক কাম কাজ কৰিব পৰা হয় শৰণীয়াসকল ।

14 ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ ভাকুমৰাৰ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ বৈষ্ণৱ বৰ নামঘৰৰ নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত প্ৰায় ২০০ গৰাকী পুৰুষ-মহিলাই শৰণ গ্ৰহণ কৰে । চাবুৱাৰ বিশমাইলস্থিত মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰত সত্ৰাধিকাৰ ইদিশ ডাঙৰীয়াৰ ওচৰত দুই শতাধিকে শৰণ গ্ৰহণ কৰি আধ্যাত্মিকতাত বান্ধ খাই পৰে । এই ঐতিহাসিক শৰণ পৰ্ব চাবলৈ সত্ৰৰ চৌহদত ৰাইজে ভিৰ কৰে ।

লগতে পঢ়ক :Saran Ceremony at Chabua: চাবুৱাৰ মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰত অনুষ্ঠিত শৰণ লোৱা পৰ্ব

ABOUT THE AUTHOR

...view details