অসম

assam

চিটি বাছৰ অভাৱ ঘটিব নেকি মহানগৰীত !

ETV Bharat / videos

Guwahati New Traffic role : চিটি বাছৰ অভাৱ ঘটিব নেকি মহানগৰীত ! - city bus woner protest

By

Published : Jun 12, 2023, 5:32 PM IST

গুৱাহাটী,12 জুন: মহানগৰীত যান-জঁটৰ বাবে প্ৰশাসনৰ আজৱ ফৰ্মূলা ৷ মহানাগৰিকক যান-জঁটৰ পৰা পৰিত্ৰাণ দিবলৈ 400-500 খন চিটি বাছে মাহে 4-5 দিনকৈ বহি থাকিব লাগিব খানাপাৰাত ৷  

সকলো নথি পত্ৰ থকাৰ পিছতো সপ্তাহত দুদিনকৈ বন্ধ ৰাখিব লগীয়া হৈছে চিটি বাছ সমূহ । প্ৰতিদিনে 150 খনকৈ চিটি বাছ অচল কৰি ৰাখিব প্ৰশাসনে । প্ৰশাসনৰ এই নিৰ্দেশনাক অদ্ভুত নিৰ্দেশনা আখ্যা বাছৰ মালিক আৰু চালকৰ । প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা মানি চলাৰ পিছতো কিয় বহাই থব লগা হৈছে বাছসমূহ ? এখন চিটি বাছৰ লগত তিনিটা পৰিয়াল জড়িত হৈ থাকে ৷ তেওঁ লোকৰ খৰছ কোনে বহন কৰিব ?  

এই নিৰ্দেশনা পোৱাৰ পাচতে খানাপাৰাত দেখা গ’ল শ শ চিটি বাছৰ শাৰী ৷ ‘‘ আমাক তেলৰ খৰচ কোনে দিব ! ড্ৰাইভাৰক কোনে দিব দিনটোৰ হাজিৰা ! যদি বাছ সমূহ বহি থাকিবই লাগে তেতিয়া হ’লে ঘৰতে থাকিবলৈ দিব লাগিছিল ৷ কিয় খানাপাৰালৈ আনিব লাগে ৷’’ প্ৰশাসনক এই প্ৰশ্ন চিটি বাছ মালিকৰ ৷  

’’মাহে 40-45 হাজাৰকৈ কিস্তি পৰিষোধ কৰিব লাগে, কিন্তু এইদৰে বাছ সেৱা বন্ধ কৰিব লগা হ’লে আমি কেনেকৈ চলিম !  ইয়াত অনা অসমীয়া লোকে ব্যৱসায় নকৰে ৷ কেৱল অসমীয়া লোকেহে চিটি বাছৰ ব্যৱসায় কৰে ৷ ’’  এই ক্ষোভ বাছ মালিকৰ ৷ কিয়নো খানাপাৰালৈ প্ৰতিদিনে বাছ সমূহ লৈ আহি পাৰ্কিং কৰি থোৱাটো অদ্ভুত নিৰ্দেশনা আছে ৷ যিহেতু গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাছ সমূহ চলাচল কৰে মহানগৰীত । তেনেস্থলত বাছ সমূহ লৈ আহি খানাপাৰাত পাৰ্কিং কৰাটো অযুক্তিকৰ বুলি প্ৰশাসনৰ নিৰ্দেশনাক সমালোচনা চিটি বাছ চালক সন্থাৰ ৷

লগতে পঢ়ক:water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন অঞ্চল

ABOUT THE AUTHOR

...view details