হালোৱাটিঙত আমগুৰি আৰক্ষীৰ পথ সুৰক্ষা অভিযান - অসম নাগালেণ্ড সীমান্তৱৰ্তী
আৰক্ষীৰ হাতত বন্দুক নহয়, এইবাৰ আৰক্ষীৰ হাতত একোপাহ ফুল । এই দৃশ্য অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ । আজি হালোৱাটিঙত আমগুৰি আৰক্ষীয়ে পথ সুৰক্ষা অভিযানৰ এক কাৰ্যসূচী গ্ৰহণ কৰে(Road safety campaign in Halwating) । সীমান্তৱৰ্তী হালোৱাটিঙত সৰু-বৰ গাড়ী চালকক সজাগ কৰিবৰ বাবে আমগুৰি আৰক্ষীয়ে শুকুৰবাৰে গ্ৰহণ কৰে এই কাৰ্যসূচী । শিৱসাগৰ জিলা উপ-আৰক্ষী অধীক্ষক ডেইজী গগৈ, আমগুৰি আৰক্ষী থানাৰ পৰিদৰ্শক নাৰায়ণ বড়ো, হালোৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু বড়াই হাতে হাতে একোপাহ ফুল লৈ যান-বাহন আইন মানি চলা চালকক একোপাহ ফুল, এটা কলম আৰু চকলেটেৰে আদৰণি জনায় ৷
Last Updated : Feb 3, 2023, 8:28 PM IST