অসম

assam

দহমাইলত ভয়াৱহ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 9:04 PM IST

ভয়াৱহ পথ দুৰ্ঘটনা

গুৱাহাটী, 25 নৱেম্বৰ :কি বৃদ্ধি পোৱা নাই গুৱাহাটীত ! হত্যা, হিংসা, ধৰ্ষণ, পথ-দুৰ্ঘটনাৰ বাতৰিয়ে ছানি ধৰি আছে মহানগৰী ৷  শাক-পাচলিৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম দৈনিক যিদৰে বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ মহানগৰীত বৃদ্ধি পাইছে পথ-দুৰ্ঘটনা তথা অপৰাধজনিত ঘটনাৰ সংখ্যা ৷ শেহতীয়াকৈ যোৰাবাটৰ পৰা আহিছে এটা পথ-দুৰ্ঘটনাৰ খবৰ ৷ সংক্ষিপ্তটো ঘটনাটো এনেধৰণৰ-

⭕যোৰাবাটৰ দহমাইলত ভয়াৱহ পথ দুৰ্ঘটনা ৷

⭕ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰে ৰন্ধন গেছ ভৰ্তি টেংকাৰ ৷

⭕অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশ ।

⭕গুৱাহাটীৰ পৰা যোৰাবাট অভিমুখে আহি থাকোতে মনফ’ৰ্ট স্কুলৰ সমীপত বাগৰি পৰিলল MN 05C 0365 নম্বৰৰ টেংকাৰ ৷

⭕দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে টেংকাৰ চালকে ৷

লগতে পঢ়ক :বাইকৰ তীব্ৰগতিয়ে প্ৰাণ কাঢ়িলে হোজাইৰ দুই যুৱকৰ

ABOUT THE AUTHOR

...view details