Auditions for Indian Idol 2023 : ইণ্ডিয়ান আইডলৰ বাবে সাজু মন্টু কুমাৰ - উদীয়মান কন্ঠশিল্পী মন্টু কুমাৰ
মৰাণ, ১২ আগষ্ট:সংগীতৰ মহাৰণ ইণ্ডিয়ান আইডলৰ অডিচনৰ বাবে সাজু হৈছে টিংখাঙৰ এজন উদীয়মান কন্ঠশিল্পী । টিংখাঙৰ ঔফুলীয়াৰ এটা সাধাৰণ পৰিয়ালৰ পৰা সংগীতৰ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ অডিচনত অংশগ্ৰহণ কৰিব মন্টু কুমাৰ নামৰ উদীয়মান কন্ঠশিল্পীজনে ।
উল্লেখযোগ্য যে ইণ্ডিয়ান আইডলৰ ১৪ সংখ্যক সংস্কৰণৰ বাবে গুৱাহাটীৰ বেলতলাত অনুষ্ঠিত হ'বলগীয়া প্ৰাৰম্ভিক ৰাউণ্ডত কণ্ঠৰ যাদু প্ৰদৰ্শন কৰিব মন্টু কুমাৰে । উল্লেখযোগ্য যে শৈশৱৰ পৰাই সংগীতৰ প্ৰতি ধাউতি থকা মন্টু কুমাৰে তবলাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে সংগীতৰো চৰ্চা চলাই আহিছে । অসমীয়া,হিন্দী আৰু আদিবাসী ভাষাত গীত পৰিৱেশন কৰা মন্টুৱে ইতিমধ্যে প্ৰায় ১৩ টা গীতৰ এলবামত কন্ঠ নিগৰাইছে । বিশেষকৈ মন্টুৰ চাহ জনগোষ্ঠীয় বহুকেইটা গীতে সংগীতপ্ৰেমীৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:Asian Champions Trophy 2023: এছিয়ান চেম্পিয়নছ ফাইনেলত আজি ভাৰত-মালেছিয়াৰ যুঁজ, 5 গ’লত পৰাজিত জাপান