উচ্ছেদৰ পিছত বুঢ়াচাপৰি, লাওখোৱা অভয়াৰণ্যলৈ আগমন দুটাকৈ গঁড়ৰ - লাওখোৱা অভয়াৰণ্য
Published : Jan 5, 2024, 5:12 PM IST
নগাঁও, ৫ জানুৱাৰী: এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ ক্ৰমাৎ ঘূৰি আহি আছে ভাল দিন । অভয়াৰণ্য দুখন একাংশ চোৰাং চিকাৰীৰ কৱলত পৰি গঁড় শূণ্য হৈ পৰাই নহয়, কৱলত পৰিছিল বেদখলকাৰীৰো । ৯০ ৰ দশকৰ পৰা ক্ৰমাৎ পৰিসৰ হ্ৰাস হোৱা লাওখোৱা অভয়াৰণ্যৰ গাতে লাগি থকা বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ কৱলত থকা বৃহৎ ভূমিত চলোৱা হৈছিল উচ্ছেদ অভিযান । বেদখল উচ্ছেদৰ পিছতেই ক্ৰমাৎ যেন ভাল দিন ঘূৰি আহিবলৈ ধৰিছে অভয়াৰণ্য দুখনলৈ । ইতিমধ্যেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰক্ষ্মপুত্ৰ অতিক্ৰম কৰি লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰৱেশ কৰিছে দুটাকৈ এশিঙীয়া গঁড়ে ।
এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ ভূমি লাওখোৱা বুৰাচাপৰি অভয়াৰণ্যত গঁড় দুটাই মুক্তমনে আশ্ৰয় লোৱা বুলি এক সূত্ৰই সদৰী কৰিছে । ইপিনে, লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত দুটাকৈ গঁড় আশ্ৰয় লোৱাৰ লগে লগে পূৰ্বতকৈ অধিক সষ্টম হৈ পৰিছে বন বিভাগ । দিনে নিশাই কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে অভয়াৰণ্য দুখনত ।