অসম

assam

দুলীয়াজানত মহাপ্ৰভু জগন্নাথ মন্দিৰত ৰথ যাত্ৰা

ETV Bharat / videos

Rath Yatra : দুলীয়াজানত মহাপ্ৰভু জগন্নাথ মন্দিৰত ৰথ যাত্ৰাৰ আয়োজন

By

Published : Jun 20, 2023, 11:00 PM IST

নাহৰকটীয়া, 20 জুন : আজি ২০ জুন, অসমীয়া ৪ আহাৰ । আজিৰ এই পবিত্ৰ দিনটোতে দুলীয়াজানৰ ২ নং গুলিমৰা গাঁৱৰ ৰাইজ আৰু সমূহ দিৰিয়েল চাহ বাগিছা ৰাইজৰ সহযোগত গাঁৱত অৱস্থিত মহা প্ৰভু জগন্নাথ মন্দিৰত পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে । কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত বাল্যভোগ, ১২ বজাত ভোগ আৰতীৰ পাচতে ভক্তসকলে মাজত নাম-কীৰ্তন পৰিৱেশন কৰে ৷ বিয়লি প্ৰায় তিনি বজাত মহা প্ৰভু জগন্নাথ , শুভদ্ৰা, আৰু বলোভদ্ৰৰ মূৰ্তি মূল মন্দিৰৰ পৰা উলিয়াই পূৰ্বে নিৰ্মান কৰি ৰখা ৰথত বহুৱাই গাঁওখনৰ পৰা প্ৰায় ১০ কিলোমিটাৰ পথ যাত্ৰা কৰি নতুন দিৰিয়েল চাহ বাগিচাৰ খেল পথাৰত প্ৰৱেশ কৰে ৷

আনুমানিক প্ৰায় ১০০ বছৰ পুৰণা এই মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰা মহোৎসৱ অনুষ্ঠিত হোৱা এই ৰথ যাত্ৰাত দুলীয়াজান ,বৰডুবি, নাহৰকটীয়া,নামৰূপ,বৰহাট, ৰাজগড় আদি অঞ্চলৰ উপৰিও তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেও, শিৱসাগৰ, জিলাৰ পৰা অহা শ শ ভক্তৰ সমাগম ঘটে ৷

লগতে পঢ়ক:Adarsha Vidyalaya in Baihata: শিক্ষা খণ্ডত সংযোজিত হ'ল অন্য এখন আদৰ্শ বিদ্যালয়

For All Latest Updates

ABOUT THE AUTHOR

...view details