অসম

assam

পঞ্চায়তে পঞ্চায়তে ঘূৰিছে কেবিনেট মন্ত্ৰীসকল

ETV Bharat / videos

১৭ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদানৰ নামত এটা সমষ্টিৰ ৭ খনকৈ সভাত অংশ ল'ব এজন মন্ত্ৰীয়ে : ৰণজিৎ কুমাৰ দাস - Ranjeet Kumar Dass

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:12 PM IST

Updated : Dec 29, 2023, 12:21 PM IST

ডিব্ৰুগড়, ২৯ ডিচেম্বৰ :লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন অধিক তৎপৰ হৈছে শাসক দল বিজেপি । পঞ্চায়তে পঞ্চায়তে ঘূৰিছে কেবিনেট মন্ত্ৰীসকল । লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে এটাৰ পাচত আন এটা কাৰ্যসূচী ঘোষণা কৰি ৰাইজৰ কাষ চাপিছে শাসক দল বিজেপি । ৰাজ্যজুৰি চলি আছে শাসক দল বিজেপিৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ।

পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ৰাজ্যৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, বিধায়কে অংশগ্ৰহণ কৰি ৰাইজৰ মনৰ কথা বুজ লৈছে । ইয়াৰ মাজতে পুনৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ডিব্ৰুগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি বৃহস্পতিবাৰে ঘোষণা কৰিলে ১৭ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদানৰ নামত এটা সমষ্টিৰ ৭ খনকৈ সভাত অংশ ল’ব ।

উল্লেখ্য যে, ১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে । সেই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছে । মুঠৰ ওপৰত বিজেপিৰ এটাৰ পাচত আন এটা কাৰ্যসূচীয়ে বিপাঙত পেলাইছে বিৰোধীক । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পঞ্চায়তে পঞ্চায়তে সভা পাতি শাসক দল বিজেপিয়ে বিৰোধী দলসমূহৰ সুযোগ শূণ্য কৰি তোলাত নামি পৰিছে ।

লগতে পঢ়ক :আলফা(স্বা)ক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

Last Updated : Dec 29, 2023, 12:21 PM IST

ABOUT THE AUTHOR

...view details