অসম

assam

কংগ্ৰেছৰ তিনি প্ৰাৰ্থীক ভয় ভাবুকি দেখুৱাই নিৰুদ্দেশ কৰা হৈছে : ৰাণা গোস্বামী

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 12:45 PM IST

কংগ্ৰেছৰ তিনিগৰাকীকৈ প্ৰাৰ্থী নিৰুদ্দেশ

যোৰহাট, 23 ডিচেম্বৰ :ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা কংগ্ৰেছৰ তিনিগৰাকীকৈ প্ৰাৰ্থী নিৰুদ্দেশ হৈ পৰিছে ৷ তাক লৈ বহু বিস্ফোৰণ ঘটাইছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ বৰ্তমান উক্ত বিষয়টোক লৈ অধিক চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে তিনিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় ভাবুকিৰে অপহৰণ কৰা হৈছে নেকি, ধনৰ প্ৰলোভন দেখুওৱা হৈছে নেকি, বন্দুকৰ ভয় দেখুওৱা হৈছে নেকি, সেয়া সন্দেহ কৰিবলৈ বাধ্য হৈছে প্ৰদেশ কংগ্ৰেছে । সকলো বিষয় সামৰি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী অৱগত কৰিছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

জানিব পৰা মতে, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 28 খন আসনৰ ইতিমধ্যে সকলোতে কংগ্ৰেছে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ ইয়াৰে 10 খনত কংগ্ৰেছৰ 100 শতাংশ জয় নিশ্চিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কিছু ৰাজনৈতিক দলে এনে কাণ্ড সংঘটিত কৰিছে বুলি মত প্ৰকাশ কৰে ৰাণা গোস্বামীয়ে ৷

লগতে এয়া গণতান্ত্ৰিক শাসন ব্যৱস্থাক চৰম কুঠাৰাঘাত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :হঠাৎ সন্ধানহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তিনিজনকৈ কংগ্ৰেছ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details