অসম

assam

ৰাজ্যজুৰি অব্যাহত ৰাস মহোৎসৱৰ আনন্দ উল্লাস

ETV Bharat / videos

নলবাৰীৰ ৰাসত পুতলা ৰাসে মুহিলে সহস্ৰাধিক দৰ্শকক - ৰাসযাত্ৰীৰে উথপথপ নলবাৰী হৰিমন্দিৰ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:06 PM IST

নলবাৰী, ১ ডিচেম্বৰ :ৰাজ্যজুৰি অব্যাহত ৰাস মহোৎসৱৰ আনন্দ উল্লাস । দুপৰ নিশালৈ নলবাৰী ৰাস মহোৎসৱত বিৰাজ কৰিছে লোকাৰণ্য পৰিৱেশে । ৰাসযাত্ৰীৰে উথপথপ নলবাৰী হৰিমন্দিৰ ৷ ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱত পুতলা নাচৰ জৰিয়তে প্ৰদৰ্শন কৰা ৰাসলৈ সঁহাৰি ৰাসযাত্ৰীৰ ।

উল্লেখ্য যে, অসমৰ এক অন্যতম লোককলা সংস্কৃতি হৈছে পুতলা নাচ । হেৰাই যাব ধৰা অসমৰ এই অন্যতম কলা সংস্কৃতিবিধক নলবাৰী ৰাস মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে । এই পুতলা নাচৰ জৰিয়তে প্ৰদৰ্শন কৰা ৰাসলৈ এতিয়া প্ৰতিটো স্তৰৰ লোকে ব্যাপক সঁহাৰি জনাইছে ।

মৃন্ময় মূৰ্তিৰ ৰাস প্ৰধান নলবাৰী ৰাসত এইবাৰ সমাহাৰ ঘটিছে তিনি তৰপীয়া ৰাসৰ । মৃন্ময় মূৰ্তিৰ উপৰিও পুতলা নাচৰ ৰাস আৰু জীৱন্ত ৰাসৰ আয়োজন কৰিছে ৰাস মহোৎসৱ সমিতিয়ে । বিশেষকৈ নলবাৰী জিলাৰ গন্ধিয়াৰ মনসা পুতলা থিয়েটাৰ এতিয়া সকলোকে আকৰ্ষিত কৰিছে । পুতলা দলটোৱে প্ৰদৰ্শন কৰা ‘‘গোকুলত কৃষ্ণ নাচে গোপনীৰ সংগে" নাটখন উপভোগ কৰি সকলো দৰ্শনাৰ্থী মন্ত্ৰমুগ্ধ হৈ পৰিছে ।

প্ৰায় ৩০ মিনিটৰ মূৰে মূৰে প্ৰদৰ্শন কৰা হৈছে এই পুতলা ৰাস । ইয়াকে লৈ শিল্পী বৃন্দই নলবাৰী ৰাস যাত্ৰীক সফল ৰূপত পুতলা ৰাস দেখুওৱা বুলি আনন্দ প্ৰকাশ কৰে ।

লগতে পঢ়ক :আমিৰ খান-জোনমণি বেগমৰ কোলাত শিশু কৃষ্ণ, হামিদা খাতুনৰ গুৰু বন্দনা

ABOUT THE AUTHOR

...view details