অসম

assam

বিশ্বাস, অন্ধবিশ্বাস নে আন কিবা ?

ETV Bharat / videos

Trust or Superstition: চন্দ্ৰত বিক্ৰম; বৰপথাৰৰ পথৰ দাঁতিত বিঘিনি নাশক ! - গণেশ বাবক পূজা অৰ্চনা

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:27 PM IST

সৰুপথাৰ, ২৪ আগষ্ট :এফালে ভাৰতীয় বিজ্ঞানীয়ে চন্দ্ৰত উৰুৱাইছে বিজয়ধ্বজ্জা ৷ সমাজৰ পৰা অন্ধবিশ্বাস নিমূলৰ বাবে বিজ্ঞানীসকলে কৰি গৈছে অহৰহ প্ৰচেষ্টা ৷ এনে সময়তে ইতিহাস প্ৰসিদ্ধ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰৰ জালজুৰী হেজাৰী গাঁৱত ৰাইজৰ নাভূত-নাশ্ৰুতকাণ্ড ৷

বিশ্বাস, অন্ধবিশ্বাস নে আন কিবা ? ৰাইজে উল্লেখ কৰা অনুসৰি, বৰপথাৰৰ জালজুৰী হেজাৰী গাঁৱত এজোপা জৰী গছৰ পৰা অহৰহ ওলাইছে ধোঁৱা । গছজোপাত আৰ্বিৰভাৱ হৈছে হেনো গণেশ বাবাৰ । সেয়ে গণেশ বাবক পূজা-অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে গাঁওবাসী ৷

এই বাতৰি এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে ৷ কেৱল গাঁওবাসীয়েই নহয়, ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰাও পূজা-অৰ্চনা কৰিবলৈ আহিছে বহু লোক ৷ ইফালে আগন্তুক গণেশ পূজাত এই স্থানত ধূম-ধামেৰে কৰা হ’ব পূজা অৰ্চনা কৰাৰ মন মেলিছে গঞা ৰাইজে ৷

লগতে পঢ়ক :Singer Trolukya Sonowal death: চিনাকী মাতটো আজি ৰুদ্ধ হৈ ৰ’ল; অজান দেশলৈ গ’ল গৈ ত্ৰৈলোক্য সোণোৱাল

ABOUT THE AUTHOR

...view details